:: সূচনা::
::প্ৰেছ বিবৃতি::
সূচনা:
২৭ আৰু ২৮ ডিচেম্বৰ ২০২৫ ত হালোগাৱত
সদৌ অসম ভিত্তিত
সপ্তম বাৰ্ষিক
স্বৰ্গীয় শশাঙ্ক দাস কলিতা সোঁৱৰণী ‘ৰূপালীম একাঙ্কিকা নাট প্ৰতিযোগিতা’
পাণ্ডুলিপি জমা দিয়াৰ চূড়ান্ত সময়সীমা বৃদ্ধি ১৫ ডিচেম্বৰলৈ
গুৱাহাটী: ১০ ডিচেম্বৰ ২০২৫:
হালোগাওঁ সেৱক সংঘ আৰু পুথিভঁৰালৰ সহযোগত আৰু লংকেশ্বৰ দাস স্মৃতি ন্যাসৰ উদ্যোগত বিগত ছয়টা বৰ্ষৰ দৰে এইবেলিও দুদিনীয়াকৈ সদৌ অসম ভিত্তিত ঁশশাঙ্ক দাস কলিতা সোঁৱৰণী ৰূপালীম একাঙ্কিকা নাট প্ৰতিযোগিতাখনিৰ আয়োজন কৰা হৈছে।
সেই মতে ২০২৫ বৰ্ষৰ ডিচেম্বৰ মাহৰ সাতাইছ আৰু আঠাইছ তাৰিখে শুৱালকুছিৰ সমীপৰ হালোগাৱৰ অভয় চৰণ চৌধাৰী ষ্টেডিয়ামত দুদিনীয়াকৈ আয়োজন কৰা এই একাঙ্কিকা নাট প্ৰতিযোগিতাখনিত যোগদানৰ বাবে অসমৰ ভিন্ন প্ৰান্তৰ নাট্য দল সমূহৰ পৰা মৌলিক পান্ডুলিপি আহ্বান কৰা হৈছে। পূৰ্বতে ১০ ডিচেম্বৰ প্ৰতিযোগিতাৰ বাবে নাটকৰ পাণ্ডুলিপি জমা দিয়াৰ অন্তিম তিথি হিচাপে ধাৰ্য কৰা হৈছিল যদিও অসমৰ ভিন্ন প্ৰান্তৰ নাট্যদল সমূহৰ আগ্ৰহৰ প্ৰতি সন্মান জনাই ১৫ ডিচেম্বৰলৈ সময়সীমা বৃদ্ধি কৰা হৈছে। সেই মৰ্মে নাটকৰ ডিটিপি কৰা পান্ডুলিপি পিডিএফ্ কৰি অহা ১৫ ডিচেম্বৰ ২০২৫ ৰ ভিতৰত পোৱাকৈ ইমেইল যোগে rupalim.org@gmail.com লৈ প্ৰেৰণ কৰিবলৈ অথবা www.rupalim.org ত আপলোড্ কৰিবলৈ আহ্বান জনোৱা হৈছে। নাটকৰ পাণ্ডুলিপিৰ হাৰ্ড্ ক’পি জমা দিব বিচৰা সকলে ডিটিপি কৰা পাণ্ডুলিপি গুৱাহাটীৰ কাৰ্যালয়ত নিজ হাতে অথবা ডাক যোগে নিৰ্ধাৰিত দিনৰ ভিতৰত জমা দিব পাৰিব। ডাক যোগে পাণ্ডুলিপি প্ৰেৰণ কৰাৰ ঠিকনাঃ হিৰণ্য ভট্টাচাৰ্য্য, কাৰ্যালয় সম্পাদক, ৰূপালীম, গৃহ নং ২৪৭, দ্বিতীয় মহলা, খগেন মহন্ত পথ, হেঙেৰাবাৰী (বৃহত্তৰ গণেশগুৰি শংকৰদেৱ নামঘৰৰ সমীপত), গণেশগুৰি চাৰিআলি, গুৱাহাটী -৭৮১০০৬ । বিতং তথ্য আৰু নাট মহোৎসৱৰ নিয়মাৱলীৰ বাবে ৰূপালীমৰ অফিচিয়েল ৱেবচাইট www.rupalim.org ত পদাৰ্পন কৰিব পাৰিব।লগতে গুৱাহাটীস্থ কাৰ্যালয় সম্পাদক হিৰণ্য ভট্টাচাৰ্য্যৰ মোবাইল নম্বৰ +919706263192 ত আৰু 9101301929 নম্বৰতো যোগাযোগ কৰিব পাৰিব।
:: সূচনা::
২৭ আৰু ২৮ ডিচেম্বৰ ২০২৫ ত হালোগাৱত
সদৌ অসম ভিত্তিত
সপ্তম বাৰ্ষিক
স্বৰ্গীয় শশাঙ্ক দাস কলিতা সোঁৱৰণী ‘ৰূপালীম একাঙ্কিকা নাট প্ৰতিযোগিতা’ৰ আয়োজন
হালোগাওঁ সেৱক সংঘ আৰু পুথিভঁৰালৰ সহযোগত আৰু লংকেশ্বৰ দাস স্মৃতি ন্যাসৰ উদ্যোগত বিগত ছয়টা বৰ্ষৰ দৰে এইবেলিও দুদিনীয়াকৈ সদৌ অসম ভিত্তিত ঁশশাঙ্ক দাস কলিতা সোঁৱৰণী ৰূপালীম একাঙ্কিকা নাট প্ৰতিযোগিতাখনিৰ আয়োজন কৰা হৈছে।
সেই মতে ২০২৫ বৰ্ষৰ ডিচেম্বৰ মাহৰ সাতাইছ আৰু আঠাইছ তাৰিখে শুৱালকুছিৰ সমীপৰ হালোগাৱৰ অভয় চৰণ চৌধাৰী ষ্টেডিয়ামত দুদিনীয়াকৈ আয়োজন কৰা এই একাঙ্কিকা নাট প্ৰতিযোগিতাখনিত যোগদানৰ বাবে অসমৰ ভিন্ন প্ৰান্তৰ নাট্য দল সমূহৰ পৰা মৌলিক পান্ডুলিপি আহ্বান কৰা হৈছে। প্ৰতিযোগিতাৰ বিভিন্ন পুৰস্কাৰৰ শিতানত শ্ৰেষ্ঠ নাট্যদল, দ্বিতীয় শ্ৰেষ্ঠ নাট্যদল আৰু তৃতীয় শ্ৰেষ্ঠ নাট্যদলৰ বাবে যথাক্ৰমে বিশ হাজাৰ, পোন্ধৰ হাজাৰ আৰু দহ হাজাৰ নগদ ধনৰ লগতে স্মাৰক আৰু মানপত্ৰ প্ৰদান কৰা হ’ব। তেনেদৰে শ্ৰেষ্ঠ পান্ডুলিপিৰ বাবে পাঁচ হাজাৰ, শ্ৰেষ্ঠ পৰিচালকৰ বাবে পাঁচ হাজাৰ, শ্ৰেষ্ঠ অভিনেতা আৰু অভিনেত্ৰীৰ বাবে পাঁচ হাজাৰকৈ, শ্ৰেষ্ঠ সহ-অভিনেতা আৰু শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ বাবে তিনি হাজাৰকৈ, শ্ৰেষ্ঠ শিশু শিল্পীৰ বাবে তিনি হাজাৰ নগদ ধনৰ লগতে মানপত্ৰ আৰু স্মাৰক প্ৰদানৰ সিদ্ধান্ত ঘোষণা কৰা হৈছে। লগতে বিচাৰকৰ বিশেষ উল্লেখ হিচাপে মানপত্ৰ আৰু স্মাৰক প্ৰদানৰ ব্যৱস্থা ৰখা হৈছে।
প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব বিচৰা ইচ্ছুক নাট্যদল সমূহে তেওঁলোকৰ নাটকৰ ডিটিপি কৰা পান্ডুলিপি পিডিএফ্ কৰি অহা ৩০ নৱেম্বৰ ২০২৫ ৰ ভিতৰত পোৱাকৈ ইমেইল যোগে rupalim.org@gmail.com লৈ প্ৰেৰণ কৰিব পাৰিব অথবা www.rupalim.org ত আপলোড্ কৰিব পাৰিব। নাটকৰ পাণ্ডুলিপিৰ হাৰ্ড কপি জমা দিব বিচৰা সকলে ডিটিপি কৰা পাণ্ডুলিপি গুৱাহাটীৰ কাৰ্যালয়ত নিজ হাতে অথবা ডাক যোগে নিৰ্ধাৰিত দিনৰ ভিতৰত জমা দিব লাগিব। ডাক যোগে পাণ্ডুলিপি প্ৰেৰণ কৰাৰ ঠিকনাঃ হিৰণ্য ভট্টাচাৰ্য্য, কাৰ্যালয় সম্পাদক, ৰূপালীম, গৃহ নং ২৪৭, দ্বিতীয় মহলা, খগেন মহন্ত পথ, হেঙেৰাবাৰী (বৃহত্তৰ গণেশগুৰি শংকৰদেৱ নামঘৰৰ সমীপত), গণেশগুৰি চাৰিআলি, গুৱাহাটী -৭৮১০০৬ । বিতং তথ্য আৰু নাট মহোৎসৱৰ নিয়মাৱলীৰ বাবে ৰূপালীমৰ অফিচিয়েল ৱেবচাইট www.rupalim.org ত পদাৰ্পন কৰিব পাৰিব।পান্ডুলিপিৰ প্ৰথম পৃষ্ঠাত নাটকৰ নাম, নাট্যদলৰ নাম, নাট্যকাৰ আৰু পৰিচালকৰ নাম, নাটকৰ দৈৰ্ঘ্য, যোগাযোগৰ ঠিকনা, ইমেইল আৰু মোবাইল নম্বৰ আদি স্পষ্টভাবে উল্লেখ কৰা থাকিব লাগিব। নাটকৰ দৈৰ্ঘ্য মঞ্চ সজ্জা সহিতে পঞ্চলিশ মিনিট ধাৰ্য কৰা হৈছে। প্ৰতিযোগিতাৰ বাবে নিৰ্বাচিত নাট্যদল সমূহে ভৰ্তি মাচুল হিচাপে নগদ পাঁচশ টকা প্ৰতিযোগিতা থলীত উপস্থিত হোৱাৰ পিছত কাৰ্যালয়ত জমা দিব লাগিব। বিগত বৰ্ষ সমূহৰ দৰে এইবেলিও অসমৰ লব্ধ প্ৰতিষ্ঠিত নাট্য কৰ্মীৰ দ্বাৰা বিচাৰকৰ আসন অলংকৃত হ’বলগা দুহেজাৰ পচিছ বৰ্ষৰ সপ্তম বাৰ্ষিক ৰূপালীম একাঙ্কিকা নাট প্ৰতিযোগিতাৰ বঁটা সমূহ প্ৰদান কৰা হ’ব আঠাইছ ডিচেম্বৰৰ নিশা প্ৰতিযোগিতা অন্ত পৰাৰ পিছত বিচাৰকে ফলাফল ঘোষণা কৰাৰ লগে লগে। বঁটা বিতৰণী অনুষ্ঠানত অসমৰ কেইবাগৰাকীও প্ৰতিষ্ঠিত তথা জনপ্ৰিয় মঞ্চ আৰু চলচ্চিত্ৰ জগতৰ শিল্পী উপস্থিত থাকিব বুলি আয়োজক সকলে জানিবলৈ দিছে। বিভিন্ন তথ্যৰ বাবে আৰু নাটকৰ ছপা কৰা পাণ্ডুলিপি জমা দিবলৈ গুৱাহাটীস্থ কাৰ্যালয় সম্পাদক হিৰণ্য ভট্টাচাৰ্য্যৰ মোবাইল নম্বৰ হৈছে- +919706263192; লগতে 9101301929 নম্বৰতো যোগাযোগ কৰিব পাৰিব।
সংক্ষেপে ৰূপালীম একাঙ্কিকা নাট প্ৰতিযোগিতা:
‘নাটক’ হ’ল সমাজ জাগৰণৰ এক শক্তিশালী মাধ্যম। সমাজৰ প্ৰচলিত ব্যৱস্থাক প্ৰতিফলিত কৰিব পৰা একোখন নাটকে সামাজিক চিত্ৰ সলাই দিব পাৰে। একাঙ্কিকা নাটক এনে এখন মঞ্চ য’ত গাৱে ভূঞে থকা অপ্ৰকাশিত সুপ্ত প্ৰতিভাই স্থান পাব পাৰে। প্ৰসিদ্ধি পৰাংমুখ সেই প্ৰতিভা সমূহক এখন মঞ্চ দিয়াৰ বাবেই এই প্ৰতিযোগিতা আৰম্ভ কৰা হৈছে। অসমৰ সাংস্কৃতিক জগতত সামান্য অৱদান আগবঢ়াই সমাজ জাগৰণৰ লগতে অভিনয়ৰ লগত অভিনেতাক সংপৃক্ত কৰি উৎসাহ যোগোৱাৰ এক অনন্য প্ৰচেষ্টা হ’ল ‘ ৰূপালীম একাঙ্কিকা নাট প্ৰতিযোগিতা।
ঁশশাঙ্ক দাস এই দৃষ্টিৰে এগৰাকী আগৰণুৱা অভিনেতা আছিল। সেই বাবে প্ৰতিযোগিতাৰ নাম ঁশশাঙ্ক দাস সোঁৱৰণী ৰূপালীম একাঙ্কিকা নাট প্ৰতিযোগিতা ৰখা হৈছে।
Plays are a powerful medium of social awakening. A drama reflecting the prevailing system of society can change the social image. The one act play is one such art form that helps in demostrating the real undiscovered talents of every society. This drama competition intends to give a significant platform to those talents. The Rupalim Drama Competition aims to encourage all the hidden talents by being a cogent contributor of social awakening and reform processes. Late Sasanka Das was an actor with same social significance. Hence, the competition is named as Late Sasanka Das Memorial One act play Competition.
